True Lovestory

প্ৰেম সচাকৈ অতুলনীয়। ৰহাৰ এক হৃদয় বিদাৰক ঘটনা  শুনিলে আপুনিও কান্দি উঠিব। শুক্ৰবাৰে নিশা ৰহাৰ চাপৰমুখ কচুৱাৰ প্ৰাৰ্থনা বৰা নামৰ এগৰাকী যুৱতীয়ে এক জটিল ৰোগৰ বলি হৈ অকালতে সাবতি লয় মৃত্যুক। তাৰপিছত মৃত প্ৰেমিকাৰ ঘৰত উপস্থিত হৈ প্ৰেমিকাৰ মৃতদেহৰ কপালত ৰঙা সেন্দুৰ বুলাই দিয়ে প্ৰেমিক বিতুপন তামুলীয়ে । কেৱল সেন্দুৰেই নহয় প্ৰেমিকাক বৰমালা বিন্ধাই নিজেও বৰমালা পিন্ধে প্ৰেমিকজনে।