শনিবাৰে ৰূপায়ণ হ'ব দেশৰ ষ্টাৰ্ট আপৰ অভিলাষী প্ৰকল্প।মহাকাশলৈ উৎক্ষেপণ হ'ব ভাৰতৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ ৰকেট। স্কাইৰুট এৰ'স্পেচ নামৰ হায়দৰাবাদৰ মহাকাশ ষ্টাৰ্টআপ কোম্পানীটোৱে উৎক্ষেপণ কৰিবলগীয়া ৰকেটটোৰ নাম দিয়া হৈছে 'বিক্ৰম-১'। ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ প্ৰতিষ্ঠাতা তথা প্ৰখ্যাত বিজ্ঞানী ডঃ বিক্ৰম ছাৰভাইৰ স্মৃতিত এই ৰকেটৰ নাম ৰখা হৈছে। স্কাইৰুট এৰ'স্পেচ কোম্পানীয়ে ইতিমধ্যে সাজু কৰি তুলিছে বিক্ৰম-১, বিক্ৰম-২, বিক্ৰম-৩ ৰকেট। বিক্ৰম-১ ৰকেটে ৪৮০ কিঃগ্ৰাঃ, বিক্ৰম-২ য়ে ৫৯৫ আৰু বিক্ৰম-৩ য়ে ৮১৫ কিঃগ্ৰাঃ ওজনৰ সামগ্ৰী মহাকাশলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হ'ব। স্কাইৰুট এৰ'স্পেচৰ প্ৰথম ৰকেট উৎক্ষেপণ কাৰ্যসূচীৰ না
- Read more about মহাকাশলৈ প্ৰথমটো ব্যক্তিগত খণ্ডৰ ৰকেট!
- Log in to post comments