Father Killed Son

ৰাজ্যত এতিয়া সহজ হৈ পৰিছে জঘন্য অপৰাধ। হত্যা কৰিবলৈ এতিয়া অপৰাধীয়ে অলপমানো নাভাৱে। কোনোৱে যদি বন্ধুক হত্যা কৰিছে, কোনোয়ে আকৌ পত্নীক। শেহতীয়াকৈ নিজ পিতৃয়ে নিজ দেৱশিশুক হত্যা কৰাৰ কথা পোহৰলৈ আহিছে।

বিশ্বনাথৰ চতিয়াৰ হাটিঙাৰ ৮নং বস্তীত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড। মুকেশ গড় নামৰ লোকজনে নিজ পত্নী চঞ্জলা চাওৰা আৰু ১০ মহীয়া শিশুটিক চোকা অস্ত্ৰৰে ঘপিয়াই আক্ৰমণ কৰে ৷

আক্ৰমণৰ ফলত থিতাতে নিহত হয় ১০ মহীয়া দেৱশিশুটি ৷ গুৰুতৰভাৱে আহত পত্নী চঞ্জলা চাওৰাক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷