Dr Bhupen Hazarika

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা দেৱৰ ৯৭ সংখ্যক ওপজা দিন। অসমীয়াৰ প্ৰাণৰ শিল্পী, বিশ্ববৰেণ্য, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ওপজা দিনটো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰা হৈছে। ভূপেন দাৰ গীতে–মাতে মুখৰিত হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ত। যুগজয়ী, চিৰসেউজ গীতেৰে শতসহস্ৰ জনক মোহাচ্ছন্ন কৰি ৰখা ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক গীত-মাত, বিভিন্ন অনুষ্ঠানেৰে আজি স্মৰণ কৰিব গুণমুগ্ধসকলে।