Cotton University Alumni Meet

কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগৰ ষষ্ঠ বাৰ্ষিক প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনখন ৭ ছেপ্টেম্বৰ, বুধবাৰে অনুষ্ঠিত হ'ব।

সেইহেতুকে কটন বিশ্ববিদ্যালয়ৰ ছুডমাৰ্ছন প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানৰ পুৱা ১০:৩০ বজাৰ পৰা ২ বজালৈ এখন কৰ্মশালাৰ আয়োজন কৰা হৈছে। ছপা আৰু বৈদ্যুতিক মাধ্যমৰ বাবে লেখন শৈলী বিষয়ক অনুষ্ঠিত কৰা কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব দ্য আছাম ট্ৰিবিউন কাকতৰ সহকাৰী সম্পাদক মনীষ গোস্বামী আৰু প্ৰতিদিন টাইমৰ বাৰ্তা সম্পাদক পংকজ শইকীয়া।