Amitveer Singh

ইতিহাস ৰচিলে পাঞ্জাৱৰ এজন যুৱকে। ২০ বছৰ বয়সতে Guinness Book Of Worldত নাম সন্নিবিষ্ট কৰিলে পাঞ্জাৱৰ কুৱৰ অমৃতবীৰ সিঙে। মাত্ৰ ২০ বছৰ বয়সতে ১মিনিটত ৪৫ বাৰকৈ আঙুলিৰে Push-Up কৰি ৰেকৰ্ড গঢ়িলে অমৃতবীৰ সিঙে।

তেওঁ ৰেকৰ্ড সন্নিবিষ্ট কৰিবলৈ একেৰাহে ২১ দিন দৈনিক ৪ ঘন্টাকৈ অনুশীলন কৰিছিল। কোনো আনুষ্ঠানিক প্রশিক্ষণ নোহোৱাকৈ নিজে ঘৰতে চিমেন্ট, ৰ’ডেৰে সাজি লোৱা GYM তে অনুশীলন কৰিছিল অমৃতবীৰে। অদম্য চেষ্টা আৰু আত্মবিশ্বাসেৰে বিশ্ব জিলিকিবলৈ সক্ষম হ’ল কুৱৰ অমৃতবীৰ সিং। চলিত বৰ্ষৰ ৮ ফেব্রুৱাৰীত তেওঁ এই অভিলেখ গঢ়িবলৈ চেষ্টা কৰিছিল। আৰু অৱশেষত ২৮ জুলাইত তেওঁৰ নাম আহে Guinness Bookত।