Ganpati Bappa

নমো নমো গণেশায় নমো গজানন।
সৰ্ববিঘ্নহাৰা দেৱ পাৰ্বতী নন্দন।।
নমো নমো মহাকায় নমো গণপতি।
নমো নমো বক্ৰতুন্দ নমো মহামতি।।

আজি গণেশ চতুৰ্থী। দেশৰ প্ৰান্তে প্ৰান্তে আৰাধনা গণেশক। সজাই পৰাই তোলা হৈছে দেশৰ প্ৰতিটো গণেশ মন্দিৰ। ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থীত পালন কৰা হয় গণেশ চতুৰ্থী। এইবাৰ গণেশ চতুৰ্থী গণেশ স্থাপনৰ সঠিক সময় পুৱা ১১ বাজি ৫ মিনিটৰ পৰা দুপৰীয়া ১ বাজি ৩৮ মিনিটলৈকে।