Father Son Death

গোলাঘাট জিলাৰ উৰিয়ামঘাট সীমান্তৰ ২নং আজাৰগুৰীত সংঘটিত হয় শোকাৱহ ঘটনা। একেটা কুঁৱাৰ ভিতৰতে প্ৰাণ হেৰুৱাবলগীয়া হ'ল পিতা-পুত্ৰই। নিজা চৌহদৰ এটা ৰিং কুঁৱাৰ পৰা পানী নোলোৱাৰ বাবে নিৰঞ্জন ব্ৰহ্ম নামৰ লোকজনে কুঁৱাটোৰ তলত থকা  মটৰটোৰ ভেল্ভ মেৰামতি কৰিবলৈ জখলাৰে নামি মেৰামতি কৰিবলৈ যাওঁতে কুঁৱাৰ ভিতৰৰ পৰা নিৰ্গত হোৱা বিষাক্ত গেছৰ ফলত উশাহ নিশাহ লব নোৱাৰি কুঁৱাৰ ভিতৰত অজ্ঞান হৈ পিছলি প্ৰায় ৩০ ফুট গভীৰ দ'ত সোমাই যায়। ইয়াৰ পিছত নিজ পুত্র শিৱম ব্ৰহ্মই পিতৃক উদ্ধাৰ কৰিবলৈ কুঁৱাৰ ভিতৰত সোমাই যোৱাৰ লগে লগে বিষাক্ত গেছৰ ফলত উশাহ নিশাহ লব নোৱাৰি পুত্ৰও কুঁৱাৰ ভিতৰত ঢলি পৰে। ফলত পিতা পুত্ৰৰ দুয়োৰে মৃত্যু ঘট