Vijay Kumar

জম্মু-কাশ্মীৰত সাধাৰণ নাগৰিকলৈ লক্ষ্য কৰি বাৰে-বাৰে গৰজিছে সন্ত্ৰাসবাদীৰ গুলী। এগৰাকী হিন্দু শিক্ষয়িত্ৰীক হত্যা কৰাৰ পাছত এইবাৰ পোহৰলৈ আহিছে আন এক ঘটনা। কাশ্মীৰৰ কুলগাম অঞ্চলত ৰাজস্থানৰ এজন বেংক মেনেজাৰক গুলীয়াই হত্যা কৰা হয়।

ইলাকাহী দেহাটী বেংকৰ আৰে শাখাত সন্ত্ৰাসবাদী প্ৰৱেশ কৰি গুলীয়াই হত্যা কৰে বিজয় কুমাৰ নামৰ মেনেজাৰজনক। চিচিটিভিৰ ফুটেজ অনুসৰি সন্ত্ৰাসবাদীয়ে বেংকত প্ৰৱেশ কৰি বিজয় কুমাৰক গুলীয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। পৰৱৰ্তী সময়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মেনেজাৰজনক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় যদিও হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে বিজয় কুমাৰে।