Nilmani Sen Deka

প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ। দলবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবেই বহিষ্কাৰ কৰা হয় প্ৰাক্তন মন্ত্ৰীগৰাকীক। বুধবাৰে, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই বহিষ্কাৰ কৰিলে ডেকাক।

উল্লেখ্য যে, এদিন পূৰ্বে নীলমণি সেন ডেকাক উভতি ধৰিছিল APCCৰ সভাপতি ভূপেন বৰাই। নীলমণি সেন ডেকাই কৰা এক মন্তব্যক লৈ সৰৱ হৈ পৰা ভূপেন বৰাই কংগ্ৰেছ দলৰ ক্ষতি কৰা মন্তব্য কৰিলে জ্যেষ্ঠ-কনিষ্ঠ সকলোৰে বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলিও পূৰ্বে মন্তব্য কৰিছিল।