Bihu Function

কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ চাংচকীত নিশা চোৰৰ চাফাই অভিযান ৷

বিহু অনুষ্ঠান চলি থকাৰ সুযোগ লৈ প্ৰয়াত কমল বৰাৰ ঘৰৰ পৰা চোৰে লুটি নিলে নগদ ধনসহ সোণৰ আ-অলংকাৰ ৷

উল্লেখযোগ্য যে ওচৰতে চলি থকা বিহু অনুষ্ঠান উপভোগ কৰিবলৈ গৈছিল ঘৰৰ সকলো। সেই চেগতে চোৰে পাকঘৰৰ চাদৰ ওপৰৰে ভিতৰত প্ৰৱেশ কৰি আলমিৰা ভাঙি লৈ যায় নগদ ৪০ হাজাৰ টকাৰ লগতে সোণৰ আ-অলংকাৰো।

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীক গৃহস্থই অৱগত কৰাত বৰ্তমান ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।