Cachar Paper Mills

নগাঁও আৰু কাছাৰ কাগজ কল দুটা সোমবাৰে অসম চৰকাৰৰ উদ্যোগ বিভাগে আনুষ্ঠানিকভাৱে ক্ৰয় কৰাৰ পিছত কল দুটাৰ সমুদায় সম্পত্তি অধীন হ’ল অসম চৰকাৰৰ।

অসম চৰকাৰৰ কেবিনেটৰ অনুমোদন অনুসৰি এক নিবিদাৰ জৰিয়তে কল দুটাৰ বৃহৎ সম্পত্তি ৩৭৫ কোটি টকাত ক্ৰয় কৰে। ফলত কাগজ কলৰ মূল গে’টৰ পৰা আঁতৰিল হিন্দুস্তান কাগজ নিগমৰ ফলক। তাৰ ঠাইত লাগিল অসম চৰকাৰৰ এখন নতুন ফলক।