Assam Assembly Budget Session

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিন। দ্বিতীয় দিনটোত কেবিনেটত অনুমোদন কৰা হ’ল বাজেট।

হিমা দাস আৰু লাভলীনা বৰগোহাঁইৰ বাবে কেবিনেটত বিশেষ ধনৰাশিৰ অনুমোদন। দুয়োগৰাকী খেলুৱৈক আৰ্থিক অনুদান প্ৰদান কৰিব ৰাজ্য চৰকাৰে। হিমা দাসৰ কাৰণে ৰাজ্য চৰকাৰৰ পৰা মাহিলী ১ লাখ টকাৰ আৰ্থিক অনুদানৰ ঘোষণা। আনহাতে, লাভলীনা বৰগোহাঁইৰ কাৰণে এজন প্ৰশিক্ষকৰ নিযুক্তি দিয়াৰ লগতে মাহে ২.৫০ লাখ টকা দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় আজিৰ কেবিনেটত।