Assam Student

ইউক্ৰেইনত আৱদ্ধ যুৱক-যুৱতীক তদাৰক ৰাজ্য চৰকাৰৰ। বিতংভাৱে জনালে গৃহবিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰাই। শিক্ষাৰ্থীসকলক অসমলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। বৈদেশিক মন্ত্ৰণালয়ৰ লগতো যোগাযোগত আছে ৰাজ্য চৰকাৰ।

ৰাজ্য চৰকাৰে গঠন কৰিছে এটা বিশেষ দল। এই দলটোৰ ন’ডল অফিচাৰ হৈছে গৃহবিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰা। ৬-৭ জনীয়া দলে প্ৰতিটো মুহূৰ্তত খবৰ লৈছে ইউক্ৰেইনত আৱদ্ধ হৈ থকা শিক্ষাৰ্থীসকলৰ। কাহিলিপাৰা SBৰ ছাইবাৰ ড’মত থকা এটা দলে যোগাযোগ কৰিছে শিক্ষাৰ্থীসকলৰ সৈতে।