Lizard

জেঠীৰ এক নতুন প্ৰজাতি। উত্তৰ-পূৰ্বাঞ্চলৰ মেঘালয়ত উপলব্ধ হোৱা জেঠীৰ প্ৰজাতিটো শেহতীয়াকৈ প্ৰত্যক্ষ কৰে এক গৱেষকৰ দলে। মেঘালয়ৰ ৰিভয় জিলাৰ ওমৰয় মিলিটাৰী ষ্টেচনত দেখা পোৱা গ'ল এই জেঠীৰ প্ৰজাতিটো।

 

ভাৰতীয় সেনাৰ নামেৰে নামকৰণ কৰা হৈছে এই জেঠীৰ নাম। দেশমাতৃক সুৰক্ষা দিয়া ভাৰতীয় সেনাৰ নামেৰে নামকৰণ কৰা হৈছে এই সৰীসৃপজাতীয় প্ৰাণীবিধৰ। এই নতুন প্ৰজাতিটোৰ বৈজ্ঞানিক নাম হৈছে-Cyrtodactylus exercitus. এই Exercitusৰ অৰ্থ হৈছে 'সেনা জোৱান'।