Leopard Attack

মঙলবাৰে মহানগৰীৰ পাণ্ডুত এগৰাকী মহিলাক নাহৰফুটুকী বাঘে আক্ৰমণ কৰে।

আক্ৰমণৰ সময়ত মহিলাগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু যাৰফলত তেওঁক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

উল্লেখ্য় যে, আঘাতপ্ৰাপ্ত হোৱা মহিলাগৰাকী মঞ্জু ভট্টাচাৰ্য বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, নাহৰফুটুকী বাঘটোৱে পাণ্ডুৰ এটা ৰে'ল কোৱাৰ্টাৰত আশ্ৰয় লৈ আছিল। এঘণ্টাৰো অধিক সময় ধৰি অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰাৰ পিছত, অসম বন বিভাগে নাহৰফুটুকী বাঘটো উদ্ধাৰ কৰে।