MP Abdul Khaleque

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অসম কংগ্ৰেছ সাংসদ আব্দুল খালেকে আৰক্ষীত ৰুজু কৰিছে গোচৰ।

মৰিগাঁৱত অসমৰ মুখ্যমন্ত্ৰী শৰ্মাৰ শেহতীয়া ভাষণৰ ওপৰত দাখিল কৰা হৈছে অভিযোগ। দৰং জিলাত হোৱা হিংসাত্মক উচ্ছেদ অভিযানৰ সৈতে সম্পৰ্কিত আছিল সেই ভাষণ। উচ্ছেদ অভিযানৰ সময়ত, তিনি মাহ আগতে ২জন লোকৰ মৃত্যু হৈছিল, আৰু আন কেইজনমান আঘাতপ্ৰাপ্ত হৈছিল।