National News

মহিলাসকলৰ বাবে মাহেকীয়া/ ঋতুস্ৰাৱৰ সময়খিনি কিমান বেদনাদায়ক বা কষ্টকৰ সেই কথা সকলোৱে অৱগত। প্ৰায়ভাগ মহিলাই মাহেকীয়াৰ সময়ত বিষ আৰু ক্ৰেম্পৰ বাবে বহু অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হয়।  পিৰিয়ডৰ সময়ত বিষ হোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া যদিও কেতিয়াবা পেটৰ বিষ আৰু অস্বস্তিৰ বাবে মহিলাসকলৰ বাবে উঠিবলৈ বা বহিবলৈ কঠিন হৈ পৰে। অফিচত কাম কৰা মহিলাসকলে পিৰিয়ডৰ বিষৰ সময়তো নিজৰ কাম কৰে। 

উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ পূৰ্বে ভাৰতৰ বহুজাতিক কোম্পানী লাৰ্চেন এণ্ড টৌব্ৰ’ই মহিলা কৰ্মচাৰীক পিৰিয়ড ছুটী দিয়াৰ কথা ঘোষণা কৰিছে।