অসমৰ চিকিৎসা, শিক্ষা আৰু স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিৰ সৱলীকৰণৰ বাবে চৰকাৰৰ অন্য এক বলিষ্ঠ পদক্ষেপ। কালাপাহাৰৰ যক্ষ্মা হাস্পতাল আৰু MMCHক একেলগ কৰি নিৰ্মাণ কৰা হ’ব দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়। এই নতুন মেডিকেল কলেজৰ নাম হ’ব প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ।
