Virous

পুনৰ বিপদৰ আগজাননী! এইবাৰ মাঙ্কিপক্সৰ সন্ত্ৰাস।

মাঙ্কিপক্সে বিভ্ৰান্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থা আৰু আফ্ৰিকাৰ বিজ্ঞানীসকল।

মাঙ্কিপক্সৰ বিষয়ে চিন্তিত আৰু বিভ্ৰান্ত হৈছে বিশ্ব স্বাস্থ্য সংস্থা আৰু আফ্ৰিকাৰ বিজ্ঞানীসকল। ভাৰতবৰ্ষইয়ো সংক্ৰমণৰ আশংকা নিয়ন্ত্ৰণ কৰিবলৈ সাম্ভাব্য সাৱধানতা অৱলম্বন কৰিছে। স্মলপক্সৰ দৰে, এই ৰোগৰ এতিয়া ইউৰোপত সংক্ৰমণ বৃদ্ধি পাইছে।

বৰ্তমানত ১২খন দেশত দহ দিনৰ ব্যৱধানত ৯০তকৈও অধিক সংক্ৰমণ সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে।
বিশ্ব স্বাস্থ্য সংস্থাই আশংকা কৰিছে যে অনাগত দিনত এই সংক্ৰমিত ৰোগীৰ সংখ্যা বৃদ্ধি পাব।