Southern Africa

পুনৰ ওলাইছে ক’ৰোনা ভাইৰাছৰ নতুন ভেৰিয়েন্ট। নতুন ভেৰিয়েন্টৰ আৱিস্কাৰে কঁপনি তুলিছে সমগ্ৰ বিশ্বত। বিশ্ব স্বাস্থ্য সংস্থা(WHO)ই শুকুৰবাৰে ক’ৰোনা ভাইৰাছৰ নতুন ভেৰিয়েন্টৰ কথা ঘোষণা কৰাৰ পিছতে শংকিত হৈ পৰিছে বিশ্ববাসী। এই নতুন ভেৰিয়েন্টৰ প্ৰভাৱো হৈছে অধিক শক্তিশালী।

২৪ নৱেম্বৰত দক্ষিণ আফ্ৰিকাত উদ্ভৱ হয় এই নতুন ভেৰিয়েন্টটো। দক্ষিণ আফ্ৰিকাৰ সমান্তৰালকৈ বটছৱানা, বেলজিয়াম, হংকং আৰু ইজৰাইলটো ধৰা পৰিছে এই ভেৰিয়েন্ট। বহুকেইখন দেশে ইতিমধ্যে দক্ষিণ আফ্ৰিকালৈ আৰু দক্ষিণ আফ্ৰিকাৰ পৰা আহিবলগীয়া যাত্ৰীক বাধা আৰোধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।