Festive Season

শক্তি উপাসনাৰ অধিষ্ঠাত্ৰী দেৱী মা দুৰ্গাৰ আগমণক লৈ দেশজুৰি হিন্দু ধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক প্ৰস্তুতি ৷

দেৱীৰ আগমণৰ লগে লগে চহৰে-নগৰে, গাঁৱে-ভূঁঞে আটকধুনীয়া মণ্ডপ নিৰ্মাণ কৰি দেৱীক আদৰাৰ প্ৰস্তুতি ইতিমধ্যে সম্পন্ন হৈছে ৷ ইফালে সোমবাৰৰ পৰা অৰ্থাৎ আজিৰে আৰম্ভ হোৱা নৱৰাত্ৰি সমগ্ৰ দেশ জুৰি ধুমধামেৰে পালন কৰা দেখিবলৈ পোৱা গৈছে ৷