আহিনৰ বুকুচাত উঠি এদেউ দুদেউ কৰি আগমন ঘটিল ঋতুৰাণী শৰতৰ, লগত আনিছে শাৰদীয় দূৰ্গা পূজা..

Durga Devi

কলীয়া ডাৱৰৰ ডাঠ আচ্ছাদন ফালি ধৰাৰ বুকুলৈ চুচুক-চামাককে আগমন ঘটিল শৰতৰ।

শৰতৰ সেমেকা বতৰত কহুৱা ফুলাৰ বতৰত শেৱালীৰ সুৱাসেৰে আগমন ঘটিছে দুৰ্গাদেৱীৰ।

দুৰ্গাদেৱীৰ আগমনত সকলো সাজু হৈছে পূজা অৰ্চনাৰ বাবে। জাক-জমকতাৰে ভৰি পৰিছে দেশৰ লগতে ৰাজ্যৰ বিভিন্ন পূজা মণ্ডপ। পূজাৰ বজাৰত উভৈনদী হৈছে নতুন সাজ-পাৰ, কণ কণ শিশুৱে খেল-ধেমালিত ব্যৱহাৰ কৰা সামগ্ৰীৰ পৰা অন্যান্য বিভিন্ন সামগ্ৰী। ৰাজ্যতো পূজাৰ ব্যস্ততা দেখিবলৈ পোৱা গৈছে।

পূজা পালনৰ বাবে সকলোৰে মাজত বাঢ়িছে উৎকন্ঠা ৷ মাজত মাত্ৰ কেইটামান ক্ষণ। পূজাৰ বতৰত বহুলোকে কৰ্মস্থানৰ পৰা ঘৰৰ অভিমুখে যাত্ৰা কৰিব। তাৰ মাজতে কিছুলোকৰ মন সেমেকা। বজাৰটো সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে।

শেৱালিৰ সুগন্ধীয়েই কঢ়িয়াই আনে শৰতৰ বতৰা। শৰৎ মানেই যেন দুৰ্গাপূজা। পূজাৰ বাবেই বিভিন্ন বিপণীসমূহত দেখিবলৈ পোৱা গৈছে গ্ৰাহকক দিয়া অফাৰৰ তালিকা আৰু গ্ৰাহকৰ ভিৰ। আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে দুৰ্গাপূজা। এই ৫টা দিনক কোৱা হয় ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী।

Category
Profile picture for user UB Photos