Kidney

চৰকাৰী চাকৰিৰ প্ৰলোভন দি বৃক্কৰ ব্যৱসায়ত নামিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড(APDCL)ৰ মুখ্য মহা প্ৰবন্ধকৰ আত্মীয়। চাকৰিৰ আশাত APDCLৰ মুখ্য মহা প্ৰবন্ধকৰ আত্মীয়ক এজন ব্যক্তিয়ে কৰিলে বৃক্ক দান। এই অভিযোগ তুলিছে নগাঁৱৰ এগৰাকী ব্যক্তিয়ে।

নগাঁও চহৰৰ সমীপৱৰ্তী ডিফলুৰ হীৰুমণি শইকীয়া নামৰ এজন যুৱকে APDCLৰ মহা প্ৰৱন্ধক কৰবী বৰা ডেকাৰ বিৰুদ্ধে উত্থাপন কৰিছে এই অভিযোগ।

হীৰুমণি শইকীয়াই ২০২০ চনৰ ৩১ ডিচেম্বৰতে  APDCLত চাকৰি লাভৰ আশাত APDCLৰ মুখ্য মহা প্ৰৱন্ধক কৰবী বৰা ডেকাৰ স্বামী দিপ্তাকৰ ডেকাক প্ৰদান কৰিছিল বৃক্ক। এক সংবাদ মেল যোগে এই কথা সদৰী কৰে হীৰুমণি শইকীয়াই।