Beltola Murder Case Updates

গুৱাহাটীৰ বেলতলাত সংঘটিত চাঞ্চল্যকৰ দ্বৈত হত্যাকাণ্ডৰ ঘটনাৰ এক নতুন মোৰ, মুখ্য অভিযুক্ত আকাশ চৌধুৰীয়ে দাবী কৰিছে যে মহানগৰ আৰক্ষীয়ে তেওঁক দ্বৈত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিবলৈ নিৰ্মমভাৱে প্ৰহাৰ কৰিছে।

অভিযুক্ত আকাশ চৌধুৰীক মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত শুনানিৰ বাবে হাজিৰ কৰোৱা হৈছিল।

এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি অভিযুক্ত আকাশে কয়, "মই তেওঁলোকক হত্যা কৰা নাছিলো, মই মোৰ সন্তানৰ শপত খাই কৈছো, মই বৃদ্ধ দম্পতীহালক হত্যা কৰা নাছিলো। আৰক্ষীয়ে মোক অপৰাধ স্বীকাৰ কৰিবলৈ নিৰ্মমভাৱে প্ৰহাৰ কৰিছে। মই খোজ কাঢ়িব নোৱাৰালৈকে তেওঁলোকে মোক প্ৰহাৰ কৰি আছিল।"