Vistadome Train Services

২৩ অক্টোবৰৰ পৰা অসমৰ তিনিচুকীয়াৰ পৰা অৰুণাচল প্ৰদেশৰ নাহৰলাগুনলৈ ভিষ্টাডোম ৰেল সেৱা আৰম্ভ হ'ব।

উত্তৰ ৰে'লৱেৰ এক চৰকাৰী বিবৃতিত জনোৱা হৈছে, "উত্তৰ-পূব সীমান্ত ৰে'লৱেই (এনএফআৰ) ২৩ অক্টোবৰৰ পৰা তিনিচুকীয়া আৰু নাহৰলাগুনৰ মাজত আনুষ্ঠানিকভাৱে ভিষ্টাডোম সেৱা আৰম্ভ কৰিব।"

সপ্তাহত চাৰিদিন চলিব লগা ভিষ্টাডোম ৰেলখনত যাত্ৰীসকলৰ বাবে প্ৰতিটো সুবিধা থাকিব।

সেৱা আৰম্ভ হোৱাৰ আগতে, এনএফ ৰেলৱেই কালি তিনিচুকীয়াৰ পৰা নাহৰলাগুনলৈ পৰীক্ষণভিত্তিত এই নতুন ৰেলখন চলাইছিল।