Injured People

দেশৰ সৰ্বসাধাৰণলৈ ভাৰত চৰকাৰৰ বিশেষ পুৰস্কাৰ। পথ দুৰ্ঘটনাত পতিত লোকক হাস্পতাললৈ লৈ যোৱা লোকসকলক পুৰস্কাৰ দিব চৰকাৰে।

সাধাৰণতে পথ দুৰ্ঘটনা অথবা যিকোনো দুৰ্ঘটনা দেখিলে সহায় কৰাৰ পৰিৱৰ্তে সৰ্বসাধাৰণ লোকসকলে দুৰ্ঘটনাস্থলী ত্যাগ কৰে। আৰক্ষীৰ আৱেষ্টনী অথবা আইনী মেৰপাচত সোমোৱাৰ শংকাৰ বাবেই সাধাৰণ লোকে দুৰ্ঘটনাগ্ৰস্ত লোকক সহায়ৰ বাবে আগবাঢ়ি নাযায়।

কিন্তু দুৰ্ঘটনাগ্ৰস্ত লোকসকলক সহায় কৰাটো আমাৰ সকলোৰে দায়িত্ব। দুৰ্ঘটনাৰ পিছত আহত লোকসকলক সহায় কৰাটো এক মানৱীয় কাৰ্য।