আজি গুৱাহাটীৰ বৰাগাঁৱৰ নৱ-নিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰখন মুকলি কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম আন্দোলনৰ শ্বহীদৰ স্মৃতিৰে নিৰ্মাণ কৰা সু-উচ্চ সৌধ উদ্বোধন কৰে। প্ৰায় ১৭০ কোটি টকা ব্যয়ৰে ১৫০ বিঘাতকৈও অধিক ভূমিত এই শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। আজি বৰাগাঁৱত কেন্দ্ৰীয় অনুষ্ঠানত ৮৬০ শিল্পীয়ে ‘শ্বহীদ প্ৰণামো তোমাক’ গীতটি পৰিৱেশন কৰে। এই কেন্দ্ৰীয় অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেবিনেট মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত উপস্থিত থাকে। উল্লেখযোগ্য যে, জিলা আৰু সম-জিলাসমূহত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ‘শ্বহীদ প্ৰণামো তোমাক’ গীতটি পৰিৱেশন কৰা হয়।
- Today is: