Bamboo Wood Products

দেৰগাঁৱৰ দাধৰাত এজন যুৱকৰ অভিনৱ প্ৰয়াস। হাতৰ পৰশত প্ৰাণ পাই উঠিছে বহু সামগ্ৰী।

কৰ’না সৃষ্ট পৰিৱেশৰ ফলত পৃথিৱীখনক অলপ হ’লেও পিছুৱাই গৈছে কিন্তু তাৰ মাজতে কৰ’না সৃষ্ট পৰিৱেশত একাংশই নিজৰ জীৱনটোক জুখি চাবলৈ শিকাইছে।

যান্ত্ৰিকতাৰ পৰা আঁৰতি মনে কৰি ভাল পোৱা কাম কৰি গোলাঘাট জিলা দেৰগাঁৱৰ দাধৰা অঞ্চলৰ ইক্ৰাম হুছেইনে বাঁহৰে নিৰ্মাণ কৰিছে বহু সামগ্ৰী।

ইক্ৰাম হুছেইনে সাঁজি উলিয়াইছে বাঁহৰ ঘৰ, এখন গাওঁ, য’ত আছে ঘৰৰ থাকিব লগীয়া যাৱতীয় সা-সামগ্ৰী, জেউৰা, জপনা, চকী, ঠেলা, ফুলৰ থুপা, চেৰেকী, লেটাই, উঘা, ঢেঁকীৰ লগতে আৰু বহুতো।