পিতৃৰ বন্ধুয়ে দলবদ্ধ ধৰ্ষণৰ কৰি অন্তসত্বাঃ কৰিলে দুই ভগ্নীক.....

Rape Case

ৰাজস্থানত প্ৰায়ে মহিলাসকলৰ ওপৰত অত্যাচাৰ চলোৱাৰ ঘটনা আমি শুনিবলৈ পাঁও। এইবাৰো পোহৰলৈ আহিছে তেনে এক লজ্জানত ঘটনা। এতিয়া অলৱৰত ২ গৰাকী নাবালিকা ভগ্নীক দলবদ্ধ ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে ।

ভুক্তভোগী কিশোৰী দুগৰাকী গৰ্ভৱতী হোৱাতহে এই ঘটনাটো পোহৰলৈ আহে। এনইবি থানা আৰক্ষীয়ে এই সন্দৰ্ভত গোচৰ ৰুজু কৰি অভিযুক্তৰ তালাচীৰ লগতে ঘটনাটোৰ তদন্ত আৰম্ভ কৰি দিছে।

অলৱৰত এটা ফাৰ্ম হাউছত কাম কৰা ২জন লোকে ২গৰাকী নাবালিকা ভগ্নীক দলবদ্ধ ধৰ্ষণ কৰে, যাৰ ফলত দুয়োগৰাকী কিশোৰী গৰ্ভৱতী হয়।

ভুক্তভোগী কিশোৰী কেইগৰাকীৰ পৰিয়ালে থানাত গোচৰ ৰুজু কৰাৰ পিছতহে আৰক্ষীয়ে দুয়োগৰাকী কিশোৰীৰ মেডিকেল কৰোৱায়, য’ত দুয়োগৰাকী কিশোৰা গৰ্ভৱতী ওলাল।

এগৰাকী কিশোৰীৰ বয়স ১৫ বছৰ , আনহাতে আনগৰাকী কিশোৰীৰ বয়স ১১ বছৰ। ঘটনাটো আৰক্ষীৰ ওচৰ পোৱাৰ পিছত দুয়োগৰাকী অভিযুক্ত পলায়ন কৰে। আৰক্ষীয়ে দুয়োজন যুৱকৰে সন্ধান উলিয়াবলৈ চেষ্টা কৰি আছে।

জানিবলৈ দিয়া অনুসৰি, এজন অভিযুক্ত আৰু ভুক্তভোগী কিশোৰী দুগৰাকীৰ পৰিয়ালটো একেটা ফাৰ্ম হাউছতে থাকি শ্ৰমিকৰ কাম কৰে। যুৱক দুজনৰ পৰিচয় ছপ্পী আৰু সুভান মেব বুলি পোহৰলৈ আহিছে।

ছপ্পী ফাৰ্ম হাউছতে কাম কৰিছিল, আনহাতে সুভান তাৰ বন্ধু হয়। অভিযোগ উত্থাপন হৈছে যে দুয়োজন যুৱকে ডাঙৰ কিশোৰীগৰাকীৰ সৈতে প্ৰায় এক ডেৰ বছৰ ধৰি কু-কাৰ্য চলাই আছিল আৰু পৰিয়ালৰ লোকক ক’লে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছিল।

যেতিয়া ডাঙৰ কিশোৰীগৰাকী গৰ্ভৱতী হয় তেতিয়া সেই দুজন যুৱকে তাইৰ সৰু ভনীয়েককো ধৰ্ষণ কৰে, যাৰ ফলত তাই আঢ়ৈ মাহৰ গৰ্ভৱতী হয়। যেতিয়া কিশোৰী দুগৰাকীয়ে তেওঁলোকৰ বিৰোধিতা কৰে তেতিয়া প্ৰাণে মৰাৰ ভাবুকি দিয়ে। ডাঙৰ কিশোৰীগৰাকী ৭.৫ মাহৰ গৰ্ভৱতী।

কিশোৰী কেইগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে, যুৱক দুজনে ধৰ্ষণৰ ভিডিঅ’ প্ৰস্তুত কৰি ব্লেকমেইলো কৰিছিল।

Category
Profile picture for user UB Photos