যিকোনো মূহুৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা..

bhupen bora

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বৃহস্পতিবাৰে লাভ জেহাদৰে মহাভাৰতৰ ব্যাখ্যা দাঙি ধৰাৰ উপৰি শ্ৰীকৃষ্ণ ৰুক্মিণী সন্দৰ্ভত কৰিছিল বিতৰ্কিত মন্তব্য। ছদ্মনাম লৈ ভগৱান শ্ৰীকৃষ্ণই হোনো ৰুক্মিণীৰ প্ৰেমত পৰিছিল বুলি মন্তব্য কৰিছিল ভূপেন বৰাই। তাক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । আনকি এই প্ৰসংগত কালি বঙাইগাঁৱত মুখ্যমন্ত্ৰীয়েও কোনোবাই গোচৰ তৰিলে ভূপেন বৰা গ্ৰেপ্তাৰ হ’ব বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

ইয়াৰ পিছতে নিজৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাই  'মই দুৰাচাৰ কেৱল তোমাৰ… অপৰাধী নাৰায়ণ। ক্ষমিয়োক হৰি লৈয়ো দাস কৰি… পশিলো হেৰা শৰণ।' প্ৰাৰ্থনাৰে নিজৰ ভুলৰ ক্ষমা বিচাৰিছে। লগতে বৰাই কয় যে 'লাভ জেহাদত শ্ৰীকৃষ্ণক সাঙুৰি অনাতো মোৰ ভুল আছিল।'

আনহাতে, বৰাই প্ৰকাশ কৰা এক ভিডিঅ’ বাৰ্তাত কয় যে তেওঁ বিজেপি বা মুখ্যমন্ত্ৰীৰ ভয়ত ক্ষমা খোজা নাই। ভকত-বৈষ্ণৱ, বাপসকলে দুখ পোৱাৰ বাবেহে ক্ষমা বিচাৰিছে।
প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে ৰাজনীতি এৰিলে মই নামঘৰৰ পাঠক হ’ম বুলিও মন্তব্য কৰে।

Category
Profile picture for user UB Photos