সলনি হ'ব অসম বিধানসভাৰ ঠিকনা! নৱ-ৰূপত নতুন ভৱনত হ'ব অসম বিধানসভাৰ কাম কাজ....

assem

৫০ বছৰ গৌৰৱেৰে পাৰ কৰা অসম বিধানসভাৰ ঠিকনা সলনি হ'ব। নৱ-ৰূপত নতুন ভৱনত হ'ব অসম বিধানসভাৰ কাম কাজ। ৩০ জুলাইত অসম বিধানসভাৰ নতুন ভৱন মুকলি কৰিব লোকসভাৰ অধ্যক্ষ ওম বিৰলাই।

পৰিৱৰ্তিত সময়ৰ সৈতে খোজ মিলাই অসম বিধানসভাৰো ঠিকনা সলনি হ'ব। ৩০ জুলাইত অসম বিধানসভাৰ নতুন ভৱন মুকলি হ'ব । বিধানসভাৰ নতুন ভৱন মুকলি কৰিব লোকসভাৰ সাংসদ ওম বিৰলাই । বিধানসভাৰ নতুন ভৱনত বৃদ্ধি কৰা হৈছে আসনৰ সংখ্যা । বিধানসভাৰ নতুন ভৱনটো সজাই তোলা হৈছে বৃন্দাবনী বস্ত্ৰৰ আৰ্হিত ।
 
ৰাজ্য চৰকাৰৰ লক্ষ্য E-Governance। সেইবাবে নতুন ভৱনত হ'ব ই-বিধান ব্যৱস্থা । আসন হ'ব ১৮৬ খন ।  ভৱিষ্যতত অসমৰ বিধানসভাৰ আসন বৃদ্ধি হোৱাৰ লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ বিধানসভা সচিবালয়ৰ। 
 
মুখ্যমন্ত্ৰীৰ কাৰ্যালয় অত্যাধুনিক ভাবে নিৰ্মাণ কৰা হৈছে বিধানসভাৰ নতুন ভৱনত। ২০২৪ ত সম্পূৰ্ণ হ'ব বিধানসভাৰ নতুন সচিবালয় । নতুন সচিবালয়ত থাকিব বিধায়কৰ বাবে বিশেষ সুবিধা।
 
 দেওবাৰে অনুষ্ঠিত হ'ব লগীয়া নতুন ভৱনৰ মুকলি অনুষ্ঠানৰ বাবে মাংগলিক কাৰ্য শুকুৰবাৰৰ পৰাই আৰম্ভ হ'ব। বাথৌ নিয়ম নীতিত হ'ব প্ৰাৰ্থনা। সাঁজু হৈছে সকলো।

Category
Profile picture for user UB Photos