মণিপুৰৰ নৃশংস নাৰী নিৰ্যাতন কাণ্ডৰ সপ্তম অভিযুক্তক গ্ৰেপ্তাৰ......

Manipur

যোৱা ৪ মে’ তাৰিখে মণিপুৰত সংঘটিত হোৱা বীভৎস্য নাৰী নিৰ্যাতন আৰু হত্যাকাণ্ডৰ লগত জড়িত সপ্তমজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে মণিপুৰ আৰক্ষীয়ে ।  ৪ মে’মাহতে সংঘটিত হোৱা এই বীভৎস্য ঘটনাৰ গোচৰ ১৮ মে’ৰ দিনা ৰুজু কৰা হৈছিল যদিও আৰক্ষীয়ে এজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাছিল। 

manipur

আনকি এই অভিযুক্ত সকলক গ্ৰেপ্তাৰৰ বাবে মণিপুৰ চৰকাৰেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল।  যোৱা ১৯ জুলাই তাৰিখে যেতিয়া সামাজিক মাধ্যমত এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিল তাৰ পিছতহে  জঘন্য ঘটনা সংঘটিত কৰা অপৰাধীসকলক গ্ৰেপ্তাৰ কৰাৰ বাবে অভিযান আৰম্ভ কৰে মণিপুৰ আৰক্ষীয়ে । এই ভাইৰেল ভিডিঅ’ৰ সৈতে জড়িত এজন অভিযুক্তক সোমবাৰে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষী আৰু সেনাই। তাৰপিছত আৰু ছয় জনক গ্ৰেপ্তাৰ কৰা হয়। 

শেহতীয়া খবৰ অনুসৰি মঙলবাৰে মণিপুৰৰ থৌবাল জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় সপ্তমজন অভিযুক্তক। আৰক্ষীয়ে জনোৱা মতে, গ্ৰেপ্তাৰ কৰা এই সাত অভিযুক্তৰ ভিতৰত এজন নাবালকো আছে। 

manipur

মণিপুৰ আৰক্ষীয়ে জনোৱা মতে, যোৱা ৪ মে’ত বি ফাইনম গাঁৱৰ কাংপকপি জিলাত এই ভিডিঅ’টো শ্বুট কৰা হৈছিল য’ত সমগ্ৰ গাঁওখন জ্বলাই দিয়াৰ পিছত দুয়োগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল।

Category
Profile picture for user UB Photos