হঠাৎ হিমাচলত ডাৱৰ বিস্ফোৰণ; ১২০ জনৰো অধিক লোকৰ মৃত্যু.........

Himachal

সমগ্ৰ উত্তৰ ভাৰতত বানৰ ভয়াৱহ ৰূপ । দিল্লীৰ পৰা পঞ্জাৱ, উত্তৰাখণ্ড, অসমত বানৰ সংহাৰ অব্যাহত । চলিত বৰ্ষৰ বানৰ ফলত দেশৰ কেইবাখনো ৰাজ্যই বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে । 

উল্লেখ্য যে, হিমাচল প্ৰদেশত বানৰ ফলত ১২০ জনৰো অধিক লোকৰ মৃত্যু হৈছে । হিমাচলৰ বহু ঠাইৰ ৰাস্তা-ঘাট, দলং, ঘৰ-দুৱাৰ আদিৰ যথেষ্ট ক্ষতি হৈছে । ২৪ জুনত হিমাচল প্ৰদেশত প্ৰথমটো বানৰ সৃষ্টি হৈছিল ।

himachal

 

আনহাতে, সোমবাৰ অৰ্থাৎ ১৭ জুলাইৰ দিনা কুল্লুৰ এখন গাৱঁত ডাৱৰ বিস্ফোৰণ ঘটি প্ৰলয়ৰ সৃষ্টি হয় । এই প্ৰলয়ত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ৩জনকৈ লোক আহত হয় । এই ডাৱৰ বিস্ফোপণৰ ফলত বিভিন্ন ঠাইৰ যোগাযোগ ব্যৱস্থা বন্ধ হৈ পৰে ।  

লগতে বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত এতিয়াও বৰষুণ বন্ধ হোৱাৰ সম্ভাৱনা নাই। অহা কেইদিনমানৰ বাবে দুয়োখন ৰাজ্যতে ধাৰাসাৰৰ পৰা অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলস্বৰূপে নদীৰ পানী আৰু বৃদ্ধি হ'ব পাৰে । সেয়েহে সকলোকে সৰ্তক হৈ থাকিবলৈ আহ্বান বতৰ বিজ্ঞান বিভাগৰ ।  

Category
Profile picture for user UB Photos