
ইটোৰ পাছত সিটো হত্যাকাণ্ড! পুনৰ বাৰ এক হত্যাকাণ্ডই জোকাৰি গৈছে ৰাজধানী দিল্লী। এইবাৰ এগৰাকী মহিলাৰ মৃতদেহৰ টুকুৰা উদ্ধাৰক চাঞ্চল্যৰ লৈ সৃষ্টি হৈছে । দিল্লীৰ গীতা কলনী থানাৰ অন্তৰ্গত এখন ফ্লাইঅভাৰৰ কাষক এগৰাকী মহিলাৰ মৃতদেহৰ টুকুৰ উদ্ধাৰ কৰা হয়।
উল্লেখ্য যে, বুধবাৰে পুৱাৰ ভাগত মহিলা গৰাকীৰ মৃতদেহৰ টুকুৰা উদ্ধাৰৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । লগতে আৰক্ষীয়ে জনায় যে, পুৱা কোনোলোকে মানুহৰ দেহৰ অংগ প্ৰত্যক্ষ কৰা বুলি আৰক্ষীক খবৰ দিছিল, তাৰপাছতে ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষী।

মৃতদেহৰ টুকুৰাবোৰ বিভিন্ন ঠাইত পেলাই থোৱা আছিল। অৱশ্যে এই পৰ্যন্ত মৃত মহিলাগৰাকী চিনাক্ত কৰিব পৰা হোৱা নাই। আৰক্ষীৰ প্ৰাথমিক অনুসন্ধান অনুসৰি মহিলাগৰাকীৰ বয়স ৩৫ ৰ পৰা ৪০ বছৰমান হ'ব।
উল্লেখ্য যে, মহিলাগৰাকীক কিয় কেনেদৰে হত্যা কৰা হ'ল এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্তৰ পাছতহে সকলো পোহৰলৈ আহিব।
- Log in to post comments