"হানীমুন"লৈ গৈ হিমাচলত সন্ধানহীন অসমৰ দম্পতী! দুদিন ধৰি খবৰ নাই দেৱাশিস আৰু শিখাৰ......

missing

হিমাচল প্ৰদেশৰ থালৌটত ফুৰিবলৈ গৈ সন্ধানহীন অসমৰ দম্পতী। ৭৩ ঘণ্টা ধৰি সন্ধানহীন হৈ আছে  সোণাৰিৰ পাৰ্বতীপুৰৰ দেৱাশীষ ৰাজখোৱা আৰু শিখা ফুকন। "হানীমুন"ৰ বাবে শিৱসাগৰৰ পৰা হিমাচললৈ গৈছিল দেৱাশিস আৰু শিখা।

missing

৪ দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত হিমাচলৰ বিভিন্ন স্থানত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। চাৰিওফালে কেৱল ধ্বংসলীলা। সকলো উটি-ভাহি গৈছে কৃত্ৰিম বানত। সন্ধানহীন হৈ আছে বহু লোক। মৃত্যুক সাৱটিছে ৩০ গৰাকীৰো অধিক লোকে। উল্লেখ্য যে, এই প্ৰাকৃতিক দুৰ্যোগৰ পিছৰে পৰা সন্ধানহীন হৈ আছে অসমৰ এই দম্পতীও। 

missing

আনহাতে, পাণবজাৰ থানাৰ ASP পৃথিৱী ৰাজখোৱাৰ ভাতৃ-বোৱাৰী দেৱাশীষ আৰু শিখা। শীঘ্ৰেই তেওঁলোকক উদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে পৰিয়ালৰ লোকে।  

missing

ইতিমধ্যে হিমাচল আৰক্ষীৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে পৰিয়ালৰ লোকে। আৰক্ষীৰ মতে, সুৰক্ষিত আছে দেৱাশিস ৰাজখোৱা আৰু শিখা ফুকন।

কিন্তু পৰিয়ালৰ সৈতে দুদিন ধৰি কথা-বতৰা হোৱা নাই দেৱাশিস ৰাজখোৱা আৰু শিখা ফুকনৰ। তাকে লৈ চিন্তিত দুগৰাকীৰে পৰিয়ালৰ লোক।

Category
Profile picture for user UB Photos