প্ৰকৃতিৰ ধ্বংসলীলা!"বৰষুণ"ৰ ফলত ২ দিনত ১৭জনৰ মৃত্যু,উটি গ’ল ৬খনকৈ দলং; আচলতে কিমান ভয়ংকৰ হ'ব পাৰে প্ৰকৃতিৰ এই ৰুদ্ৰৰূপ.....

himachal

হিমাচল প্ৰদেশত ৩ দিন ধৰি হৈ থকা মুষলধাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। চাৰিওফালে কেৱল মাথো ধ্বংসলীলা। ৰাজ্যখনত স্বাভাৱিক জীৱন-যাপন সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰিছে । কোটি কোটি টকাৰ সম্পত্তি জলমগ্ন হৈছে এই কৃত্ৰিম বানত। উল্লেখ্য যে, ৰাজ্যখনত দুদিনত ১৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে , আনহাতে ১০ গৰাকী লোক উটি গৈছে ।

himachal

সোমবাৰৰ দিনটোত ৪জন লোকৰ মৃত্য়ু হোৱাৰ লগতে ৪জন লোক উটি যায়। দেওবাৰে ৰাজ্যখনত ১৩ গৰাকী লোকে প্ৰাণ হেৰুৱায় আৰু ৬ গৰাকী লোক উটি যায়।

himachal

সোমবাৰে পুৱা ১১ বজাত চিমলা জিলাৰ থিওগ তহচিলৰ পালভি গাঁৱত ভূমিস্খলনৰ কৱলত পৰে এটা ঘৰ। দুৰ্ঘটনাটোত তিনিজন লোকৰ মৃত্যু হয়। মৃতসকলক দীপ বাহাদুৰ, দেৱদাসী আৰু মোহন বাহাদুৰ বুলি চিনাক্ত কৰা হৈছে।

himachal

আনহাতে, মনালীত ৩খন ভলভো বাছ উটি যায় আৰু ৪ গৰাকী লোক সন্ধানহীন হয়। এখন গাড়ীসহ ৩ গৰাকী লোক মনালীৰ পৰা উটি যায়। ৬টা ৰাষ্ট্ৰীয় ঘাইপথসহ ৮২৮টা পথ পথ যান-বাহনৰ বাবে অৱৰোধ কৰা হৈছে। প্ৰায় ৪৬৮৬টা পাৱাৰ ট্ৰেঞ্চফৰ্মাৰ ডাউন হৈছে।

himachal

জানিব পৰা মতে, হিমাচল প্ৰদেশ চৰকাৰে জৰুৰীকালীন অৱস্থাত সহায়ৰ বাবে টোল ফ্ৰী হেল্পলাইন নম্বৰ 1100, 1070 আৰু 1077 জাৰী কৰিছে। ইয়াৰ উপৰিও, সমগ্ৰ ৰাজ্যত ক্ষতিৰ মূল্যাংকন কৰিবলৈ এখন সমিতি গঠন কৰা হৈছে।

himachal

ইতিমধ্যে বৰষুণৰ ফলত ৰে’ল সেৱাত আটাইতকৈ বেছি প্ৰভাৱ পৰিছে। বন্দে ভাৰত, জনশতাব্দী, হিমাচল এক্সপ্ৰেছকে ধৰি যাত্ৰীবাহী ৰে’লসমূহো চলিব নোৱাৰে। উনা, অম্ব, আন্দাউৰা আৰু দৌলতপুৰ চক ৰে’ল ষ্টেচনবোৰো খালী হৈ আছে।

himachal

ধাৰাষাৰ বৰষুণৰ ফলত উত্তৰ-প্ৰান্তৰ ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হিমাচল প্ৰদেশত । ৰাজ্যখনত হৈ ধকা ধাৰাষাৰ বৰষুণৰ ফলত মণ্ডিৰ ১০০ বছৰ পুৰণি ঐতিহাসিক লাল দলং ভাঙি পৰিছে। মনালীত হৈ থকা বৰষুণৰ ফলত পানীত উটি গৈছে ৪ মহলীয়া হোটেল। 

Category
Profile picture for user UB Photos