কৃত্ৰিম বানৰ কৱলত দেশৰ ৰাজধানী দিল্লী, জলমগ্ন দিল্লীৰ বহু অভিজাত অঞ্চল

দিল্লীকে ধৰি হিমাচল প্ৰদেশ, পঞ্জাৱসহ উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত প্ৰচণ্ড বৰষুণ। ৰাজধানী দিল্লীত বিগত ৪১ বছৰৰ অভিলেখ ভংগ কৰিলে বৰষুণে।

কৃত্ৰিম বানৰ কৱলত দেশৰ ৰাজধানী দিল্লী

জলমগ্ন দিল্লীৰ বহু অভিজাত অঞ্চল

কৃত্ৰিম বানৰ বাবেই দুৰ্ভোগ সৰ্বসাধাৰণৰ

কৃত্ৰিম বানৰ বাবেই চৰকাৰক সমালোচনা

বান পৰিস্থিতিৰ বাবে চৰকাৰক জগৰীয়া ৰাইজৰ

জম্মু কাশ্মীৰতো বৰষুণ, ভূমিস্খলন

বাঢ়নী পানীত উটি গ’ল দুই সেনা জোৱান

কাশ্মীৰত বিগত ৩ দিন ধৰি আৱদ্ধ অমৰনাথ যাত্ৰী

উত্তৰ প্ৰদেশত বজ্ৰ পৰি ৩জন লোকৰ মৃত্যু

বজ্ৰ পৰি হিমাচল প্ৰদেশতো ৩জনৰ মৃত্যু

 

দিল্লীকে ধৰি হিমাচল প্ৰদেশ, পঞ্জাৱসহ উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত প্ৰচণ্ড বৰষুণ। ৰাজধানী দিল্লীত বিগত ৪১ বছৰৰ অভিলেখ ভংগ কৰিলে বৰষুণে। জম্মু কাশ্মীৰতো বৰষুণ, ভূমিস্খলনৰ ভয়াৱহ ৰূপ। জম্মু কাশ্মীৰৰ পুঞ্জ জিলাত পোশানা নদী পাৰ হওতে বাঢ়নী পানীত উটি গ’ল দুই সেনা জোৱান। হিমাচল প্ৰদেশত ৩, জম্মু কাশ্মীৰত দুজন আৰু উত্তৰ প্ৰদেশত ৩ জন লোকৰ বজ্ৰপাতত মৃত্যু। বতৰৰ প্ৰতিকূল পৰিস্থিতিৰ বাবে কাশ্মীৰত বিগত ৩ দিন ধৰি আৱদ্ধ অমৰনাথ যাত্ৰী।  

Category
Profile picture for user UB Photos