আচলতে শৈশৱ বুলি ক'লে আমাৰ মনলৈ আহে; বালিৰ ঘৰ, দৰা-কইনাৰ খেল, মায়ে সন্ধিয়া সময়ত পঢ়িবলৈ দিলে দেখুওৱা সেই অজুহাত, আইতাৰ সাধু কথা আদি ।
কিন্তু বৰ্তমান টেকন'লজী দিন; কি শিশু, কি বৃদ্ধ সকলোৰে হাতে হাতে স্মাৰ্ট ফোন ।
স্মাৰ্ট ফোনৰ জৰিয়তে ইউটিউবত ভিডিঅ' বনাই কোটি কোটি টকা উপাৰ্জন কৰিছে এগৰাকী কণমানিয়ে । ১১ বছৰ বয়সতে ৪১০ কোটি সম্পত্তিৰ মালিক "শফাই"। কেৱল মাত্ৰ ১১ বছৰ বয়সতে খলকনি তুলিছে ছচিয়েল মিডিয়াত। সমগ্ৰ বিশ্বৰ শিশু–কিশোৰৰ মাজত চমক দিছে শফাই।
উল্লেখ্য যে, বিগত সপ্তাহত শফাই ৭৭,৪০০ ডলাৰ উপাৰ্জন কৰিছে। বিগত ১ মাহত তেওঁৰ উপাৰ্জন ১.২৭ মিলিয়ন ডলাৰ। বিগত তিনি মাহত উপাৰ্জন হৈছে ৬.৭৬ ডলাৰ। পৰিসংখ্যা মতে, শফাৰ ভিডিঅ’ত প্ৰতি ১০০০ ভিউত পোৱা যায় ১.২১ ডলাৰ। যিটো ভাৰতীয় মুদ্ৰাত ১০০ টকা। চলিত বছৰত মে’ মাহত ইউটিউব চেনেলৰ পৰা ২ লাখ ডলাৰ উপাৰ্জন কৰিছে তাই ।
আনহাতে, শফাৰ ইউটিউব চেনেলৰ চোৱাচিতা কৰে তাইৰ মাতৃয়ে। এই চেনেলটোৰ আৰম্ভ হৈছিল ২০১৫ চনৰ ২৯ মাৰ্চত। সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ শিশুসকলে তাইৰ ভিডিঅ’ চায়।
শফাৰ ইউটিউব চেনেলৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা ৩৮ মিলিয়নতকৈ ও বেছি। বিগত ৮ বছৰত তাইৰ ইউটিউবত আপলোড কৰা হৈছে ৯৮৪টা ভিডিঅ’। তাৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৫০ মিলিয়ন ডলাৰ। ভাৰতীয় মুদ্ৰাত এই পৰিমাণ ৪১০ কোটিৰো অধিক।
ইউটিউবত শফাই শ্বেয়াৰ কৰে "ৰূপকথাৰ নানা চৰিত্ৰ যেনে ‘ফ্ৰোজেন’, ‘এলছা এণ্ড এনা’ৰ সৈতে ৰোমাঞ্চকৰ ভিডিঅ’"। তাইৰ ভিডিঅ’সমূহ সাধাৰণতে আৰবী ভাষাত থাকে। ভাষা আৰু কথনশৈলীত প্ৰকাশ পায় সংযুক্ত আৰব আমিৰশ্বাহীৰ এইগৰাকী কন্যাৰ প্ৰেক্ষাপট ।
- Log in to post comments