
অসম পৰ্যটন বিভাগে ঐতিহাসিক দীঘলীপুখুৰীক গুজৰাটৰ বণিয়াক লিজত দিয়াৰ পিছতে সলনি হ’ল দীঘলীপুখুৰীৰ নাম । শেহতীয়াকৈ অসম চৰকাৰে দীঘলীপুখুৰীটোৰ উন্নয়ণৰ বাবে গুজৰাটৰ এটা কোম্পানীক দায়িত্ব অৰ্পন কৰে।
উল্লেখযোগ্য যে, অসম চৰকাৰে নিবিদা প্ৰকাশ কৰি অসমীয়াৰ আবেগস্বৰূপ দীঘলীপুখুৰীৰ কৰ্তৃত্ব গুজৰাটী কোম্পানীক দিয়াক লৈ সচেতন লোকৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। অসম পৰ্যটন বিভাগৰ এনে কাণ্ডক লৈ তীব্ৰ ভাষাৰে গৰিহণা জনাইছে একাংশই।
কিন্তু এনে পৰিস্থিতিৰ মাজতে ঐতিহাসিক দীঘলীপুখুৰীৰ দায়িত্ব লোৱা গুজৰাটী কোম্পানীটোৱে দীঘলীপুখুৰীৰ নাম সলনি কৰে। ঐতিয্যমণ্ডিত দীঘলীপুখীৰৰ নতুন নাম 'এন্টাৰটিকা দীঘলীপুখুৰী'। এই কাণ্ডক লৈ সামাজিক মাধ্যমত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

কিহৰ ভিত্তিত পূৰ্বৰ নাম সলনি কৰি, নতুন নামেৰে নামাকৰণ কৰা হৈছে অসমীয়া আৱেগ বিজড়িত দীঘলীপুখুৰীৰ, এই প্ৰশ্ন উত্থাপন কৰিছে একাংশ সচেতন জনতাই।
- Log in to post comments