মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ, এইবাৰৰ স্থান গুৱাহাটীৰ শিলপুখুৰী । প্ৰথমতে খাৰঘুলি তাৰ পিছত ৰাজগড়, লগতে মালিগাঁও আদি ভিন্ন ঠাই । এতিয়া যেন পানীৰ পাইপ ফুটাটো নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে গুৱাহাটীত । কোনো ঠাইত যদি এই ঘটনাই কালৰূপ ধাৰণ কৰিছে কোনো ঠাইত সৃষ্টি কৰিছে কৃত্ৰিম বান।
মুঠতে ইঠাইৰ পিছত সিঠাইত ফুটুছে এতিয়া পানীৰ পাইপ। খাৰঘুলিত সংঘটিত হোৱা ভয়ংকৰ জলবিস্ফোৰণৰ ফলত মহানগৰীৰ এগৰাকী মহিলাই অকাল মৃত্যুক সাৱটিবলগীয়া হোৱাৰ পিছতো কাণসাৰ নাই প্ৰশাসণৰ ।
আজি পুৱাও গুৱাহাটী মহানগবাসী সাক্ষী হ’ল এই ঘটনাৰ । গুৱাহাটীৰ শিলপুখুৰীত এইবাৰ ফুটিল জল বোৰ্ডৰ পানীৰ পাইপ। পাইপ ফুটাৰ ফলত কৃত্ৰিম বান সদৃশ পৰিৱেশ সৃষ্টি হয় ৰাজপথত। ই জলবিস্ফোৰণৰ ৰূপ লোৱা নাই যদিও সমগ্ৰ শিলপুখুৰীৰ পথত পানীয়ে বুৰাই পেলায়। আজি পুৱা ৬ বজাত এই ঘটনা পৰিলক্ষিত হয়।
- Log in to post comments