সুৰাপায়ী সকললৈ এফালে যদি সুখবৰ আনফালে আকৌ দুখবৰ ! এতিয়াৰে পৰা নিশা ১১ বজাতো ক্ৰয় কৰিব পাৰিব সুৰা....

Liquor Price

পহিলা জুলাইৰ দিনটোতে সুৰাপায়ী সকললৈ আহিল দুটাকৈ খবৰ । আজিৰে পৰা অসমত বিলাতী সুৰাৰ ক্ষেত্ৰত ৪ ৰ পৰা ২৫ শতাংশ পৰ্যন্ত বৃদ্ধি কৰা হৈছে সুৰাৰ মূল্য ।  আনহাতে এতিয়াৰে পৰা নিশা ১১ বজাতো সুৰা সেৱনকাৰীসকলে সুৰা ক্ৰয় কৰিব পাৰিব ।

Liquor Price

এতিয়া যেন সুৰাপায়ীসকলেই শেষ ভৰসা অসম চৰকাৰৰ। আৰ্থিক জুৰুলা অৱস্থাৰ পৰা উদ্ধাৰ কৰাৰ গুৰু দায়িত্ব যেন কেৱল সুৰাপায়ীসকলৰ ওপৰত। সেয়েহে এতিয়াৰে পৰা নিশা ১০ বজাৰ পাছতো সুৰা সেৱনকাৰীসকলে সুৰা ক্ৰয় কৰাৰ সুবিধা পাব । কেৱল সেয়াই নহয়, বিলাতী সুৰাৰ ক্ষেত্ৰতো অধিক ধন ভৰি সুৰাপায়ীসকলে আগবঢ়াব অৰ্থনীতিলৈ অৱদান !

আনহাতে, যি সময়ত সুৰাৰ প্ৰচলনে নৱ প্ৰজন্মক ধ্বংসৰ দিশলৈ ঠেলি দিয়াৰ লগতে হাজাৰ হাজাৰ যুৱকৰ প্ৰাণ কাঢ়িছে, সেই সময়ত সুৰাৰ প্ৰচলন আৰু অধিক কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক হঠকাৰী সিদ্ধান্ত। 

Liquor Price

পূৰ্বে নিশা ১০ বজালৈকেহে সুৰাৰ বিপনী খোলা থকাৰ অনুমতি দিছিল আবকাৰী বিভাগে । কিন্তু এতিয়াৰে পৰা আবকাৰী বিভাগৰ নিৰ্দেশ অনুসৰি শ্বপিং মলৰ সুৰাৰ বিপনীসমূহ ১১ বজালৈ খোলা থাকিব।
 

Category
Profile picture for user UB Photos