
অশান্তজৰ্জৰ মণিপুৰত উপস্থিত হৈছেগৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধী । দুদিনীয়া সূচী লৈ মণিপুৰলৈ আহিছে কংগ্ৰেছ নেতা গৰাকী । ৰাজ্যখনত উপস্থিত হোৱাৰ পাছতে চূৰাচান্দপুৰৰ আশ্ৰয় শিবিৰলৈ ৰাওনা হৈছিল ৰাহুল গান্ধী । পিছে আদবাটতে কংগ্ৰেছ নেতাজনৰ কনভয়ক বাধা দিলে মণিপুৰ আৰক্ষীয়ে ।
উল্লেখ্য যে, আইন-শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে আৰক্ষীয়ে বাধা প্ৰদান কৰে কংগ্ৰেছ নেতাজনৰ কনভয়ক । ৱাফাৰ জনৰ বাবে ভি আই পিৰ গমনত বাধা প্ৰদান ।
আনহাতে, অনুমতি নোপোৱাত বহু সময়ৰ পিছত পুনৰ ইম্ফললৈ উভতি আহিবলৈ বাধ্য হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী ।
- Log in to post comments