ফুটিয়েই আছে পানীৰ পাইপ ! আৰু কিমান দিনলৈ সংকটত ভুগিব মহানগৰবাসী

pipe leakage

মহানগৰীত বিগত এমাহত সপ্তমবাৰলৈ ফুটিল পানীৰ পাইপ! জলবিস্ফোৰণৰ ফলত সংকিত মহানগৰবাসী

দক্ষিণ শৰণীয়াত জাইকাৰ পাইপ ফুটি কৃত্ৰিম বানৰ কৱলত পৰে অঞ্চলটো। ভয়ংকৰ অঘটনৰ পৰা ৰক্ষা পৰিল দক্ষিণ শৰণীয়া ৷ খাৰঘূলি, ৰাজগড়, মালিগাঁৱৰ পাছত এইবাৰ জাইকাৰ পানী যোগান পাইপ ফাটিল দক্ষিণ শৰণীয়াত ৷ 

অৱশ্যে খাৰঘূলি, ৰাজগড়ৰ দৰে ভয়ানক ৰূপ লোৱা নাই দক্ষিণ শৰণীয়াত ৷ কিয়নো ভয়ংকৰ অঘটন সংঘটিত হোৱাৰ পূৰ্বে স্থানীয় ৰাইজে খবৰ দিয়ে প্ৰশাসন, জলবোৰ্ডক ৷

প্ৰশাসন, জলবোৰ্ডক খবৰ দিয়াৰ লগে লগে বন্ধ কৰি দিয়ে উক্ত এলেকাৰে যোৱা পানী যোগান ৷ যাৰবাবে ৰক্ষা পৰিবলৈ সক্ষম হ’ল দক্ষিণ শৰণীয়াবাসী ৷ মহানগৰীৰ ৰাজগড় দক্ষিণ শৰণীয়া পথৰ ৯ নম্বৰ বাইলেনত নিৰ্গত হয় পানী ৷ 

অৱশ্যে এই ঘটনা সন্দৰ্ভত জাইকাৰ স্পষ্টিকৰণ "পানীৰ পাইপ ফটা নাই, লিকেজহে হৈছে"।
 

Category