বিজেপিৰ সভালৈ নোযোৱাৰ বাবেই পতি-পত্নীক প্ৰহাৰ বিজেপি কৰ্মীৰ!!

Assam

গৌৰীসাগৰত সংঘটিত এক ভয়াৱহ ঘটনা। দেওবাৰে অনুষ্ঠিত জে পি নাড্ডাৰ জনসভালৈ নোযোৱাৰ বাবেই দম্পত্তিক প্ৰহাৰ বিজেপি কৰ্মীৰ। পূৰ্ণিমা চাংমাই আৰু টমাছ চাংমাই নামৰ এটা দম্পত্তিক বিজেপি কৰ্মী অংশুমান বৰাই লাঠিৰে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ। দেওবাৰে অনুষ্ঠিত বিজেপিৰ জনসভালৈ নোযোৱাৰ বাবেই পূৰ্ণিমা চাংমাইৰ মূৰ ফালে অংশুমান বৰাই। পূৰ্ণিমা চাংমাইৰ ঘৰত প্ৰৱেশ কৰি বিজেপি কৰ্মী অংশুমান বৰাই কাপোৰ ফলা লগতে পেট-পিঠি, মূৰ, হাত, বুকুত গুৰিওৱা আৰু লাঠিৰে মৰিওৱাৰ অভিযোগ। ৰাতি ৮-৩০ বজাত সংঘটিত এই ঘটনাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিশাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক শিৱসাগৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে গৌৰীসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
 

Category