প্ৰসংগঃ জোনমণি ৰাভাৰ মৃত্যু, CBI ৰ জেৰাৰ সন্মুখীন হ'ব SP লীনা দলেকে ধৰি বহু শীৰ্ষ আৰক্ষী বিষয়া!

Junmoni

ক্ষিপ্ৰ গতিত আগবাঢ়িছে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ CBIৰ তদন্ত। আজি নগাঁও আৱৰ্ত্ত ভৱনত সাক্ষ্য প্ৰদানৰ বাবে পুৱাই উপস্থিত হ'ল জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভা। নগাঁও আৱৰ্ত্ত ভৱনলৈ জেৰাৰ বাবে মাতি অনা হ'ল কচুঁৱা থানাৰ অ'চি ৰাজা ইৰশ্বাদক। মাতৃ সুমিত্ৰা ৰাভাক লগত লৈ জোনমণি ৰাভাৰ চৰকাৰী আৱাসত অভিযান চলালে চিবিআইৰ দলে। 

আনহাতে নগাঁও আৱৰ্ত্ত ভৱনলৈ শীঘ্ৰেই তলব কৰা হ'ব নগাঁও আৰক্ষীৰ পূৰ্বৰ বহু বিষয়াক। পূৰ্বৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা, অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ত্ৰিদিৱ কুমবাঙ,পূৰ্বৰ নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী, উপ-পৰিদৰ্শক আভাজ্যোতি ৰাভা আৰু পূৰ্বৰ নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেক শীঘ্ৰেই জেৰা চলোৱাৰ সম্ভাৱনা আছে চিবিআইৰ দলটোৱে।

Category
Profile picture for user UB Photos