বছৰৰ প্ৰথমটো বানৰ কৱলত লখিমপুৰ। সংহাৰী বানত প্লাৱিত বহুতো অঞ্চল।
নাওবৈচাত বাৰিষাৰ প্ৰথমটো বানৰ তাণ্ডৱ। বুধবাৰে বানত চিঙিল শিঙৰা নৈৰ মথাউৰি।
মথাউৰি ছিগাৰ পিছতে জলমগ্ন হ'ল নাওবৈচা অঞ্চল। নাওবৈচা ৰাজহচক্ৰৰ অন্তগৰ্ত দ'লহাটৰ শলমৰীয়াত হাহাকাৰ পৰিস্থিতি।
পাহাৰীয়া উৎসৰ পৰা বৈ অহা শিঙৰানদীৰ পানীয়ে মূহুৰ্তৰ ভিতৰতে বুৰালে বহু লোকৰ ঘৰ-দুৱাৰ।
চাৰিওফালে এতিয়া কেৱল মাত্ৰ পানী আৰু পানী।
বিদ্যালয়ৰ পৰা ধৰি মানুহৰ পাকঘৰৰ চিন নাইকীয়া হ'ল বানত।
Category
- Log in to post comments