ক্ষিপ্ৰ গতিত আৰম্ভ তদন্তৰ! জোনমণি ৰাভাৰ দুৰ্ঘটনাস্থলীলৈ ৰাওনা CBIৰ দল

Junmoni Rabha

বুধবাৰে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব লোৱাৰ পিছতেই নিশা গুৱাহাটীত উপস্থিত হয় CBIৰ দল। আই পি এছ বিষয়া লাভলী কাটিয়াৰৰ নেতৃত্বত অহা CBIৰ দলটোৱে কালি নিশা গুৱাহাটী চিবিআই কাৰ্যালয়ত বাহৰ পাতে। আজি পুৱা দলটো ৰাওনা হয় জখলাবন্ধালৈ। চিবিআইৰ দুগৰাকী পৰিদৰ্শকৰ নেতৃত্বত গৈছে দলটো।

জখলাবন্ধালৈ গৈ জোনমণি ৰাভাৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিব চিবিআইৰ দলটোৱে। তাত যাৱতীয় তদন্তৰ পিছত পুনৰ  বিয়লি গুৱাহাটীলৈ ঘূৰি যাব চিবিআইৰ দলটো।
 

Category
Profile picture for user UB Photos