এটা অভিশপ্ত দিন। আজিৰ দিনটোতে সকলোকে কন্দুৱাই অজান দেশলৈ গুছি গৈছিল জনপ্ৰিয় কণ্ঠশিল্পী কে কে। সেইদিনা সংগীত জগতৰ বাবে অপূৰণীয় ক্ষতি হৈছিল। স্তব্ধ হৈ পৰিছিল দেশবাসী। কলকাতাৰ এক অনুষ্ঠানেই কে কে ৰ জীৱনৰ শেষ অনুষ্ঠান আছিল।
বহুতো ছুপাৰহিট গান উপহাৰ দিয়া কে কে ক কোনেও পাহৰিব নোৱাৰে। বিশেষকৈ আমাৰ শিশুকালৰ সৈতে জড়িত কে কে ৰ প্ৰায় সংখ্যক গান। বন্ধুত্ব, মৰম, প্ৰেম, বিৰহ, বিচ্ছেদ আদি যিকোনো মুহূৰ্তই বিচাৰি পাইছিল কে কে ৰ গীতত। তেওঁৰ সৃষ্টিৰ মাজেৰেই আমাৰ মাজত চিৰদিন জীয়াই থাকিব কে কে।
Category
              
          - Log in to post comments