কঠোৰ অসম আৰক্ষী! সুৰাপান কৰি গাড়ী চলালে পৰিব বিপদত !!

GP Singh

জালুকবাৰীৰ শোকাৱহ দুৰ্ঘটনাৰ পিছতে কঠোৰ হৈছে আৰক্ষী। সুৰাপান কৰি গাড়ী চলোৱাসকলৰ বিৰুদ্ধে কঠোৰ আৰক্ষী। ৰাজ্যৰ ৭খন দুৰ্ঘটনাপ্ৰৱণ জিলালৈ আৰক্ষী সঞ্চালকপ্ৰধানৰ কঠোৰ নিৰ্দেশ। কামৰূপ, কামৰূপ মহানগৰ, নগাঁও, বৰপেটা, শোণিতপুৰ, নলবাৰী আৰু ধেমাজি জিলালৈ জাৰি কৰা হৈছে নিৰ্দেশনা। দুৰ্ঘটনা ৰোধ কৰিবলৈ এক্সন প্লেন প্ৰস্তুত সাজু কৰিছে ডিজিপি জি পি সিঙে। সুৰাপান কৰি গাড়ী চলালে কঠোৰ ব্যৱস্থা ল'ব আৰক্ষীয়ে।

ট্ৰেফিক আইন ভংগ কৰিলেও ল'ব কঠোৰ ব্যৱস্থা। জিৰ'  টলাৰেঞ্চ নীতি গ্ৰহণ কৰিব বিভাগে। ইতিমধ্যে সংগ্ৰহ কৰা হৈছিল দুৰ্ঘটনা প্ৰৱণ জিলাৰ সবিশেষ। কোন সময়ত বেছি দুৰ্ঘটনা হয় তাৰো উলিওৱা হৈছে তথ্য। কোন স্থানত, কোন সময়ত দুৰ্ঘটনা হয় সেই তথ্যও উলিওৱা হৈছে। তথ্য বিশ্লেষণৰ ভিত্তিত লোৱা হ'ব ব্যৱস্থা।

Category